Posts

Chapter 2 বিক্রেতাৰ নির্বাচন আৰু নিযুক্তি (Selection of Salesman)

1.'বিক্রেতা জন্মে তৈয়াৰ নহয়'--উক্তিটোৰ সৈতে তুমি একমত নে ?যুক্তি  দশোৱা।

উঃ- 'বিক্রেতা জন্মে তৈয়াৰ নহয়'--উক্তিটোৰ সৈতে একমত কিয়নো এই জগতত জন্ম গ্ৰহণ কৰা কোনো ব্যক্তি জন্মৰূপে প্রস্তুত হৈ নাহে। মানুহে নিজকে প্ৰস্তুত কৰে নিজৰ কর্মৰ দ্বাৰা। গতিকে কব পাৰি যে-বিক্রেতা জন্মে তৈয়াৰ নহয় যদিও উপযুক্ত প্রশিক্ষণ আৰু নিজ কর্ম কৰাৰ ইচ্ছাৰ দ্বাৰা এজন সফল বিক্রেতা হব পাৰি।


2.'বিক্রেতা জন্ম নহয় আৰু জঢ়াও নহয়,বৰং জন্মও হয় আৰু গঢ়ো দিব পাৰি'- উক্তিটো আলোচনা কৰা।

উঃ-বিক্রেতাৰ গাত থাকিব লগা গুণসমূহ, জন্মগত হ'ব পাৰে অথবা এই গুণসমূহ প্ৰশিক্ষণ আৰু অভিজ্ঞতাৰ দ্বাৰা আয়ও কৰিব পাৰি। অৱশ্যে জন্মগত গুণৰ অধিকাৰী খুব কম সংখ্যক লোকহে পোৱা যায়। গতিকে কোৱা হয় যে- 'বিক্রেতা জন্ম নহয় আৰু জঢ়াও নহয়,বৰং জন্মও হয় আৰু গঢ়ো দিব পাৰি'।


3.বিক্রেতাক বাছনি কৰাৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা।

উঃ- আবেদন কৰা বিভিন্ন প্ৰাথীৰ আবেদনসমূহ নিৰীক্ষকে ভালদৰে চালি-জাৰি চায়।সাধাৰণ দৃষ্টিত যোগ্য বুলি বিবেচিত নোহোৱা আবেদনসমূহ নাকচ কৰা হয়। আচলতে বিজ্ঞাপনত নিদিষ্ট কৰি দিয়া চৰ্তসমূহ পূৰণ নকৰা আবেদনসমূহ নাকচ কৰা হয়। বাকী থকা আবেদনসমূহ প্রার্থীৰ ব্যক্তিত্ব,গুণৰ ভিওিত তিনি ভাগত বিভক্ত কৰা হয়-(১)সাধাৰণ গুণ, (২)বিশেষ গুণ, আৰু (৩)কাৰিকৰীগুণ।

আবেদনকাৰীৰ আবেদনত দিয়া তথ্যৰ ভিওিত প্রার্থীৰ ব্যক্তিত্ব সর্ম্পকে ধাৰণা কৰিব পাৰি। বহুতো প্ৰতিষ্ঠানে নিদিষ্ট প্ৰ-পএযোগে নিযুক্তি দিয়ে।এনে প্ৰ-পএত কিছুমান মনস্তত্ত্বিক প্রশ্ন সন্নিৱিষ্ট কৰি প্রার্থীক বিচাৰ কৰিবলৈ সুবিধা হয়।


4.বিক্রেতাৰ প্ৰশিক্ষণৰ প্ৰকাৰসমূহ লিখা।

উঃ- কোম্পানীৰ প্ৰযোজন অনুসৰি বিক্রেতাৰ প্রশিক্ষণ আচঁনি ভিন্ন ধৰণৰ হ'ব পাৰে।সাধাৰণতে শ্রেণী কক্ষৰ

প্ৰশিক্ষণ, সন্মিলনযোগে প্ৰশিক্ষণ আৰু কর্ম ক্ষেত্রত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা প্রচলিতহৈ আছে।

(ক)শ্রেণী কক্ষৰ প্ৰশিক্ষণঃ স্কুল-কলেজৰ ছাএ-ছাএীক শ্রেণীকক্ষত শিক্ষা দিয়াৰ দৰে বিক্রেতাৰো এই পদ্ধতিৰে প্রশিক্ষণ দিব পাৰি। এনে প্রশিক্ষণত বিক্রেতাক উদ্দেশি বক্তৃতা দিয়া হয়। অভিজ্ঞ প্রশিক্ষক, বিক্রী পৰিচালকে বিক্রী সম্বন্ধীয় নীতি, দ্ৰব্যজ্ঞান,বিক্রী কৌশল,গ্ৰাহক সম্পর্কে জ্ঞান আদি দিব পৰাকৈ বক্তৃতা প্রদান কৰে।

(খ)সন্মিলনযোগে প্ৰশিক্ষণঃ এই পদ্ধতিত সংগঠনত সন্মিলন আয়োজন কৰা হয় আৰু বিক্রেতাই বিক্রী ক্ষেএত সন্মুখীন হোৱা অভিজ্ঞতাসমূহ ইয়াত ব্যক্ত কৰিবলৈ সুবিধা পায় আৰু সেই অভিজ্ঞতাসমূহৰ ভিওিত প্ৰয়োজনীয় সিদ্ধান্ত ল'বলৈ সুবিধা হয়। এই পদ্ধতি নৱ নিযুক্ত বিক্রেতাৰ বাবে উপযেগী নহয়। 

(গ)কর্ম ক্ষেত্রত প্ৰশিক্ষণঃ শ্রেণী কক্ষৰ প্ৰশিক্ষণ শেষ কৰাৰ পিছতে বিক্রেতাসকলক স্বতন্তভাৱে কায ক্ষেএত নামিবলৈ দিয়া উচিত নহয়। তাও্বিকভাৱে জনা কথাবোৰ বাস্তৱক্ষেএত প্ৰয়োগ কৰাত কিছু জটিলতা আছে। সেয়ে নতুন বিক্রেতাসকলক তেওঁলোকৰ বিক্রী কেন্দ্ৰসমূহত প্ৰৰণ কৰা হয়। য'ত অভিজ্ঞ বিক্রেতাসকলৰ লগত থাকি বাস্তৱ অভিজ্ঞতা অজন কৰাৰ সুবিধা হয়।


5. বিক্রেতাৰ প্ৰশিক্ষণৰ সুবিধাসমূহ লিখা।

উঃ- বিক্রেতাৰ প্ৰশিক্ষণৰ সুবিধাসমূহ তলত বাখ্যা কৰা ধৰণৰঃ

 (ক)গ্ৰাহকৰ আপওি হ্ৰাস কৰাত সহায় কৰে।

 (খ)বিক্রেতাৰ প্ৰশিক্ষণে বিক্রেতাৰ দক্ষতা বৃদ্বি কৰি বিক্রী বৃদ্বিত সহায় কৰে।

 (গ)বিক্রী বৃদ্বি হোৱাৰ বাবে বিক্রী ব্যয় হ্ৰাস পায়।

 (ঘ)প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষিত বিক্রেতাই বিক্রী ক্ষেএত কম সময় লৈ গ্ৰাহকক পতিয়ন নিয়াব পাৰে।


6. প্ৰশিক্ষণৰ ক্ষেএসমূহ লিখা।

উঃ- প্ৰশিক্ষণে সাঙুৰি লোৱা ক্ষেএসমূহ হৈছে-

 (ক)বিক্রেতাৰ দৈনদ্নিন কার্য লগত জডিত দায়িত্ব আৰু কতর্ব্য,

 (খ)গ্ৰাহকৰ প্ৰয়োজন আৰু চাহিদা,

 (গ)বিক্রী কৌশল আৰু

 (ঘ)প্ৰতিযোগী প্রতিষ্ঠানৰ জ্ঞান।


7. খালী ঠাই পূৰণ কৰাঃ-

 (ক) বিক্রেতা নজন্মে, কিন্তু সৃষ্টি হয়।

 (খ) জোষ্ঠ্য বিক্রেতাৰ দ্বাৰা বিক্রেতাই বিক্রী সন্বন্ধীয় জ্ঞান আয়ও কৰিব পাৰে।

 (গ) বিক্রেতাক বাছনি কৰাৰ পাছত প্ৰশিক্ষণ দিয়া প্ৰয়োজন।

Post a Comment

© Bzziii.com. All rights reserved. Premium By Raushan Design